মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয় ৷ ইয়াৰ পিছতে ট্ৰাম্পে ভাৰতৰ ওপৰত আমেৰিকাৰ শুল্ক ২৫% ৰ পৰা ১৮% লৈ হ্ৰাস কৰাৰ কথা ঘোষণা কৰে ।ট্ৰাম্পে ছ’চিয়েল মিডিয়াৰ একাউণ্টৰ এটা পোষ্টত কয়, ‘‘আজি পুৱা (আমেৰিকাৰ সময় অনুসৰি) ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বাৰ্তালাপত মিলিত হও ৷ তেওঁ মোৰ অন্যতম প্ৰিয় বন্ধু আৰু নিজৰ দেশৰ এজন শক্তিশালী আৰু সন্মানীয় নেতা । আমি বাণিজ্য আৰু ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অন্ত পেলোৱাকে ধৰি বহু বিষয়ৰ ওপৰত আলোচনা কৰিলোঁ । তেওঁ ৰাছিয়াৰ তেল ক্ৰয় কৰা বন্ধ কৰি আমেৰিকা আৰু সম্ভাৱ্যভাৱে ভেনিজুৱেলাৰ পৰা অধিক ক্ৰয় কৰিবলৈ আৰম্ভ কৰিবলৈ সন্মত হয় । ইয়াৰ ফলত ইউক্ৰেইনত প্ৰতি সপ্তাহত হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱা যুদ্ধৰ অন্ত পৰাত সহায়ক হ’ব !’’ট্ৰাম্পে লগতে কয়, ‘‘প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি বন্ধুত্ব আৰু সন্মান জনাই তেওঁৰ অনুৰোধত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ আমি আমেৰিকা আৰু ভাৰতৰ মাজত বাণিজ্যিক চুক্তিত সন্মতি প্ৰকাশ কৰিছো ৷ যাৰ অধীনত আমেৰিকাই ভাৰতৰ ওপৰত কম পৰিমাণে পাৰস্পৰিক শুল্ক আৰোপ কৰিব, অৰ্থাৎ ইয়াক ২৫% ৰ পৰা ১৮% লৈ হ্ৰাস কৰা হ’ব । তেওঁলোকে(ভাৰত) একেদৰেই আমেৰিকাৰ বিৰুদ্ধে নিজৰ শুল্কৰ ক্ষেত্ৰত আৰোপ কৰা প্ৰতিবন্ধকতাসমূহ হ্ৰাস কৰিব নাইবা শূন্যলৈ অৱনমিত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিব ৷’’ট্ৰাম্পে পুনৰ লিখিছে, ‘‘প্ৰধানমন্ত্ৰীয়েও আমেৰিকাৰ শক্তি, প্ৰযুক্তি, কৃষি, কয়লা, আন বহুতো সামগ্ৰীকে ধৰি ৫০০ বিলিয়ন ডলাৰতকৈ অধিক আৰু উচ্চ পৰ্যায়ত আমেৰিকাৰ সামগ্ৰী ক্ৰয়ৰ প্ৰতিশ্ৰুতি দিছে ৷ ভাৰতৰ সৈতে আমাৰ সম্পৰ্ক আগলৈ অধিক শক্তিশালী হোৱাৰ দিশে গতি কৰিছে ৷’’ইয়াৰ পূৰ্বে ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গ’ৰে ছ’চিয়েল মিডিয়া পোষ্টত দুয়োগৰাকী নেতাৰ মাজত হোৱা কথা-বতৰাৰ সবিশেষ শ্বেয়াৰ কৰিছিল । পোষ্টটোত গ’ৰে কয়, ‘‘ৰাষ্ট্ৰপতি ট্ৰাম্পে এইমাত্ৰ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কথা পাতিলে । আমাৰ সৈতে সংযুক্ত হৈ থাকক ।’’প্ৰধানমন্ত্ৰী মোদী আৰু ট্ৰাম্পৰ এই টেলিফোনিক বাৰ্তালাপ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ তিনিদিনীয়া ৱাশ্বিংটন ভ্ৰমণৰ প্ৰথমদিনাই হৈছিল । ভাৰত-ইউৰোপীয় ইউনিয়নৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ট্ৰাম্পৰ এয়াই প্ৰথম বাৰ্তালাপ ।

Leave a Reply

Your email address will not be published. Required fields are marked *