মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ অন্ত পৰাৰ পূৰ্বে নতুন দিল্লীত মঙলবাৰে ৰাজ্যখনৰ বিজেপি বিধায়কসকলৰ এখন বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত ভাৰতীয় জনতা পাৰ্টীয়ে য়ুমনাম খেমচান্দ সিঙক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰে ।উত্তৰ-পূবৰ ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসনৰ অন্ত পৰাৰ কিছুদিন পূৰ্বে অৰ্থাৎ মঙলবাৰে সন্ধিয়া নতুন দিল্লীত অনুষ্ঠিত হোৱা বৈঠকৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷সূত্ৰ অনুসৰি এই বৈঠকৰ পিছতে ৰাজ্যখনৰ এন ডি এৰ মিত্ৰদলৰ বৈঠক অনুষ্ঠিত হ’ব । যোৱা বছৰৰ ১৩ ফেব্ৰুৱাৰীত মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰা হৈছিল, যিটো বিগত বৰ্ষৰে আগষ্ট মাহত সংসদে আৰু ছমাহৰ বাবে বৃদ্ধি কৰিছিল । মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে দেওবাৰে কয় যে ৰাজ্যখনৰ এন ডি এৰ মিত্ৰদলসমূহক বৈঠকৰ বাবে দিল্লীলৈ আমন্ত্ৰণ কৰি অনা হৈছে ৷সংবাদ মাধ্যমৰ আগত ৰাজ্যখনৰ পূৰ্বৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে এনেদৰে কয়, ‘‘এন ডি এৰ সকলো মিত্ৰক আমন্ত্ৰণ জনোৱা হৈছে… ইতিবাচক সঁহাৰিৰ আশা কৰা হৈছে । চৰকাৰ গঠনৰ এক প্ৰক্ৰিয়া চলি আছে । মণিপুৰত পৰিৱৰ্তন আনিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছো ।’’উল্লেখ্য যে, কুকি-জো আৰু মেইটেই জনগোষ্ঠীৰ মাজৰ জাতিগত হিংসাৰ ফলত ৰাজ্যখনত কেইবামাহো ধৰি হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল ৷ সেই সময়তে এন বীৰেণ সিঙে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ পিছত ২০২৫ চনৰ ১৩ ফেব্ৰুৱাৰীত মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰা হৈছিল ।কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বিগত ডিচেম্বৰ মাহত মণিপুৰৰ জাতিগত হিংসাৰ তদন্তকাৰী আয়োগক সময়সীমা বৃদ্ধিৰ অনুমতি প্ৰদান কৰি যথাসম্ভৱ ক্ষিপ্ৰতাৰে কিন্তু ২০২৬ চনৰ ২০ মে’ৰ পূৰ্বে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল । ২০২৩ চনৰ ৩ মে’ত মণিপুৰত সংঘটিত হোৱা জাতিগত হিংসাৰ তদন্ত আৰু ইয়াৰ কাৰণ বিশ্লেষণ কৰাৰ লগতে চৰকাৰৰ সঁহাৰিও বিশ্লেষণ কৰাৰ দায়িত্ব দিয়া হৈছে আয়োগক ।

Leave a Reply

Your email address will not be published. Required fields are marked *