নগাঁৱত কংগ্ৰেছে আৰম্ভ কৰা “সময় পৰিৱৰ্তনৰ” কাৰ্যসূচীৰ পূৰ্বে শুকুৰবাৰে পুৱাই গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত হয় টীম গৌৰৱ গগৈ । শুকুৰবাৰে পুৱাই বটদ্ৰৱাত গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ দলটো উপস্থিত হোৱাৰ লগে লগে একাংশ বিজেপি কৰ্মীয়ে গৌৰৱ গগৈক গ’ বেক ধ্বনি দিয়াৰ লগতে পাকিস্তানী এজেণ্ট বুলি ধ্বনি দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।কংগ্ৰেছ আৰু বিজেপিৰ কৰ্মীসকল মুখামুখি হোৱাত পৰিস্থিতি কিছু সময়ৰ বাবে উত্তপ্ত হৈ পৰে । এনে পৰিস্থিতিৰ মাজতেই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈসহ কংগ্ৰেছৰ নেতাসকলে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত সেৱা আগবঢ়ায় বটদ্ৰৱাত গুৰুজনাৰ পৱিত্ৰ জন্মস্থানত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়, “আজি আমি বটদ্ৰৱালৈ আহিছোঁ গুৰুজনাৰ ওচৰত মূৰ দোৱাই অসমৰ সমাজৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰকাশ কৰিবলৈ । শান্তিপ্ৰিয় এখন সমাজ আমি গঢ় দিবলৈ বিচাৰোঁ, য’ত সকলোৰে মানৱ অধিকাৰ জীয়াই ৰাখিব পাৰোঁ । বৰদোৱা থানত কোনো শাসক নাই, কোনো বিৰোধী নাই । আমি কেৱল অসমীয়া হিচাপে ইয়াত সকলো উপস্থিত হৈছোঁ ।কিন্তু সাংসদ গৌৰৱ গগৈয়ে বটদ্ৰৱা থানত প্ৰৱেশ কৰাৰ আগমুহূৰ্তৰ পৰাই বটদ্ৰৱা থান চৌহদত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । একাংশ বিজেপি কৰ্মীয়ে ‘গৌৰৱ গগৈ মুৰ্দাবাদ’, ‘পাকিস্তানী এজেণ্ট গৌৰৱ গগৈ মুৰ্দাবাদ’, ‘গৌৰৱ গগৈ গ’ বেক’ আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।সমান্তৰালভাৱে কংগ্ৰেছ কৰ্মীসকলে ‘গৌৰৱ গগৈ জিন্দাবাদ’ ধ্বনিৰে বটদ্ৰৱা থান চৌহদ উত্তাল কৰি তোলে । দুয়োপক্ষৰ শ্লোগান-প্ৰতি শ্লোগানত অঞ্চলটোত উত্তেজনাময় পৰিস্থিতি সৃষ্টি হয় ।ইপিনে, কংগ্ৰেছৰ সময় পৰিবৰ্তনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয়, “আমাৰ এই কাৰ্যসূচীৰ উদ্দেশ্য নিৰ্বাচনকেন্দ্ৰিক নহয় । সাম্প্ৰতিক সময়ত সৃষ্টি হোৱা বিভাজনকামী ৰাজনীতি, সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে আমাৰ গুৰুজনাই গঢ় দি যোৱা বৰ অসম সুৰক্ষিত ৰখাৰ স্বাৰ্থত এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *