অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু তেওঁৰ বৃটিছ পত্নীৰ বিৰুদ্ধে পাকিস্তান লিংকৰ বিস্ফোৰক অভিযোগেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলে তোলপাৰ লগাইছে আসন্ন নিৰ্বাচনমুখী অসমৰ ৰাজনীতি । দেওবাৰে প্ৰায় আঢ়ৈ ঘণ্টা জোৰা সংবাদমেলত গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ ক’লবাৰ্ণৰ পাকিস্তান ভ্ৰমণ আৰু বিত্তীয় লেনদেনৰ তথ্য দাঙি ধৰি গৌৰৱ গগৈৰ প্ৰতি এলানি প্ৰশ্ন উত্থাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । গৌৰৱ গগৈয়ে আটৰী সীমান্তৰে পাকিস্তানত প্ৰৱেশ কৰি ১০ দিন দেশখনত কি কি কৰিছিল সেয়া ৰাজহুৱা কৰিবলৈয়ো আহ্বান জনাইছিল মুখ্যমন্ত্ৰী শৰ্মাই । মুখ্যমন্ত্ৰীৰ সংবাদমেলক কেন্দ্ৰ কৰি ৰাজ্যজুৰি গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বিজেপিয়ে ৷ আনহাতে গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ সংবাদমেলক ফ্লপ শ্ব’ আখ্যা দি দেওবাৰে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে যদিও পোনপটীয়াকৈ উত্তৰ দিয়াৰ পৰা বিৰত আছিল ৷ সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত গৌৰৱ গগৈয়ে সম্বোধন কৰিছে এখন সংবাদমেল ।

সংবাদমেলত গৌৰবে কি কি কলে ?

২০১২ৰ অক্টোবৰত বিয়া হৈছিল, জানুৱাৰীত তেওঁ পাকিস্তানলৈ যাব লগা হৈছিল। মই কিয় তেওঁক অকলে যাবলৈ দিম? মই এনেকৈ পাকিস্তানলৈ যোৱাটোৱে ধুৰন্ধৰ হৈ
গ’লো নেকি

আমি সম্পূৰ্ণ আইনী প্ৰক্ৰিয়া পালন কৰিহে পাকিস্তানলৈ গৈছিলো। ভিছা প্ৰক্ৰিয়াৰ সকলো নীতি পালন কৰি গৈছিলো বিদেশলৈ। পাকিস্তানলৈ আজিলৈকে কোনো মানুহ যোৱাই নাই নেকি?

মোৰ পত্নীৰ কোনো বেংক একাউন্ট পাকিস্তানত নাই। এয়া গোকাট মিছা কথা কৈছে হিমন্ত বিশ্ব শৰ্মাই। যেতিয়া তেওঁ পাকিস্তানত আছিল, তেতিয়া বজাৰ-সমাৰ কৰিবলৈ তাত একাউন্ট প্ৰয়োজন হৈছিল। কিন্তু যেতিয়া পাকিস্তান এৰিলে তেতিয়াই সেই একাউন্ট ক্লজ কৰি দিয়া হৈছে। মোৰ পত্নীয়ে পোৱা দৰমহা পাকিস্তানৰ টকা নহয়। সেয়া এক আন্তঃৰাষ্ট্ৰীয় প্ৰকল্প। তাত ভিন্ন দেশে কাম কৰে।

২০১২চনত এক আন্তঃৰাষ্ট্ৰীয় জলবায়ু প্ৰজেক্টৰ অধীনত কাম কৰিবলৈ তেওঁ এটা বছৰ পাকিস্তানত আছিল। আন্তঃৰাষ্ট্ৰীয় সংস্থাত যিহেতু কাম কৰে গতিকে তেওঁ তালৈ যাব লগা হৈছিল। মই যিহেতু তেওঁৰ স্বামী, গতিকে মোৰ পত্নীয়ে তাত কেনেকৈ কাম কৰে, কেনেকৈ জীৱন নিৰ্বাহ কৰে সেয়া মই চোৱাতো কৰ্তব্য আৰু দায়িত্ব। গতিকে ময়ো তেতিয়া পাকিস্তানলৈ গৈছিলো। তাত অন্য কোনো কাৰণ নাই

মই মোৰ ৰাজনৈতিক জীৱনত এনে কোনো কাম নকৰো যাৰ বাবে তৰুণ গগৈৰ নামত দাগ লাগিব পাৰে। অসমৰ ৰাইজৰ ওপৰতে মই সকলো এৰিছো। ৰাইজে জানে কোন দুৰ্নীতিগ্ৰস্ত আৰু কোন কি আদৰ্শৰে চলে। ৰাইজে ২০২৬ত ইয়াৰ উত্তৰ দিব

মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ দিবলৈ এই সংবাদ মেল নহয়। অসমৰ ৰাইজ আৰু সংবাদ মাধ্যমৰ প্ৰতি শ্ৰদ্ধা জনাইহে এই সংবাদ মেল আয়োজন কৰিছো। মোৰ পত্নীয়ে নিজৰ দেশ এৰি ভাৰতত কাম কৰি আছে। মোৰ সন্তানক মোৰ পৰিবাৰেই ডাঙৰ কৰি আছে। ৰাজনৈতিক ব্যক্তি হিচাপে আমি পৰিয়ালৰ পৰা আঁতৰত থাকো। যেতিয়া মোৰ সন্তানৰ বয়স ১৮বছৰ হ’ব তেতিয়া তেওঁলোকেই নিজে সিদ্ধান্ত ল’ব তেওঁলোকে কি নাগৰিকত্ব ল’ব।

মুখ্যমন্ত্ৰী ইমান তললৈ গ’ল যে, মোৰ ৫বছৰীয়া, ৯বছৰীয়া সন্তানকো টানি আনিছে। মই মুখ্যমন্ত্ৰীক সকিয়াই দিছো- আপোনাৰ লৰা-ছোৱালীৰ কথাও মই জানো। আপোনাৰ সন্তানৰ কথা ৰাজহুৱা কৰিবলৈ মোক বাধ্য নকৰাব

মুখ্যমন্ত্ৰী আৰু পৰিয়ালৰ দখলত আছে ১২হাজাৰ বিঘা মাটি। ৰাজ্যৰ ৪০হাজাৰ বিঘা মাটি আদানী, আম্বানী আৰু পতঞ্জলিক দি দিছে। এই সকলোবোৰ তথ্য আমি উলিয়াই অনাৰ বাবে এনে মিছা অভিযোগ আমাৰ বিৰুদ্ধে অনা হৈছে।

গৌৰৱ গগৈৰ সন্তান কেইটাই কি দোষ কৰিলে ? মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে শিশু আইনৰ অধীনত আইনৰ কাষ চাপিব কংগ্ৰেছ। এই সন্দৰ্ভত অচিৰেই আইনজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব কংগ্ৰেছে

Leave a Reply

Your email address will not be published. Required fields are marked *