ৰাজ্যৰ ভিন্ন প্ৰান্তত চলি থকা উচ্ছেদ অভিযান অসম চৰকাৰে গুৱাহাটীৰ পাহাৰতো আৰম্ভ কৰিব বুলি চৰ্চা চলি আছিল। বিৰোধীয়েও এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। কিন্তু চৰ্চিতৰাজ্যৰ ভিন্ন প্ৰান্তত চলি থকা উচ্ছেদ অভিযান অসম চৰকাৰে গুৱাহাটীৰ পাহাৰতো আৰম্ভ কৰিব বুলি চৰ্চা চলি আছিল। বিৰোধীয়েও এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। কিন্তু চৰ্চিত এই বিষয়টোৰ মুখনি মাৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

দেওবাৰৰ দিনটোত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত ভাগ লৈ সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত মুখ্যমন্ত্ৰীয়ে কৰে এক বিশেষ ঘোষণা। তেওঁ কয় যে, গুৱাহাটীৰ পাহাৰত উচ্ছেদ নহয়। উচ্ছেদ হ’লেও কেৱল মিঞাৰহে হ’ব, অসমীয়াৰ নহয়।

উল্লেখ কৰা প্ৰয়োজন যে, গুৱাহাটীৰ কেইবাটাও পাহাৰত উচ্ছেদ হ’ব বুলি বিগত কিছু দিন ধৰি চৰ্চা হৈ আছে। এনে সময়তে মুখ্যমন্ত্ৰীৰ এই ঘোষণাত স্বস্তিৰ নিশ্বাস পেলাইছে গুৱাহাটীৰ পাহাৰত বসবাস কৰা নাগৰিকসকলে

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *