পঞ্চদশ অসম বিধানসভাৰ চাৰিদিনীয়া লেখানুদান বাজেট অধিৱেশনৰ বৃহস্পতিবাৰে অন্তিম দিনা প্ৰশ্নোত্তৰ শিতানেৰে সদনৰ কাম-কাজ আৰম্ভ হয় । ইয়াৰ লগতে বিভিন্ন বিভাগৰ বাৰ্ষিক প্ৰশাসনীয় প্ৰতিবেদন সদনত দাখিল কৰা হয় । অধিৱেশনৰ অন্তিমটো দিনা অসম চৰকাৰৰ ধন্যবাদসূচক ভাষণত বহুকেইটা গুৰুত্বপূৰ্ণ দিশৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

পাঁচবছৰীয়া কাৰ্যকালৰ সদনত দিয়া অন্তিমটো ভাষণত মুখ্যমন্ত্রীয়ে অসম চৰকাৰে বিগত দিনসমূহত কৰি অহা কামৰ কিছু খতিয়ান দাঙি ধৰাৰ লগতে আগন্তুক দিনৰ আভাস দাঙি ধৰে । দীঘলীয়া ভাষণত জীৱনৰ প্ৰথমটো নিৰ্বাচনত পৰাজয়বৰণ কৰাৰ কথা ৰোমন্থন কৰি মুখ্যমন্ত্রীয়ে নিজৰ অভিজ্ঞতাৰ কথা কয় ।

মুখ্যমন্ত্রীয়ে যুৱ বিধায়কসকলক উদ্দেশ্যি কয়, ‘‘আমাক ভোট নিদিয়া মানুহবোৰ আমাৰ শত্ৰু নহয় । ভোট নিদিয়াসকলকো আমি সমানেই সেৱা কৰিব লাগে । ১৯৯৬ চনত মই যেতিয়া প্ৰথম নিৰ্বাচনত অৱতীৰ্ণ হৈছিলো, সেই নিৰ্বাচনত মই ১৭ হাজাৰ ভোটত পৰাজয় হৈছিলো । আমি ৰাজনীতি কৰিছো যেতিয়া কেতিয়াবা হাৰিম, কেতিয়াবা জিকিম । কিন্তু ৰাইজৰ প্ৰতি আমাৰ সেৱা নিৰন্তৰভাৱে অব্যাহত থাকিব লাগে।

’’মুখ্যমন্ত্রীয়ে সকলো বিধায়ককে আগন্তুক নিৰ্বাচনৰ শুভকামনা জনাই কয়, ‘‘যোৱাকালি মই পুৰণি দিনলৈ ঘূৰি গৈ ভাবিছিলো যে জীৱনৰ প্ৰথমটো নিৰ্বাচনত এবাৰ হৰাৰ পিছত মই কি ধৰণে নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছিলো । প্ৰথমবাৰ ১৭ হাজাৰ ভোটত পৰাজিত হোৱা সমষ্টিটোত মই ২০০১ চনত দহ হাজাৰ ভোটত জয়ী হৈছিলো । ২০০৬ চনত ৪২,৪৬৮ টা ভোটত জয়ী হৈছিলো । ২০১১ চনত ৭৭,৪০৩ টা ভোটত হৈছিলো । একেটা সমষ্টিতে ২০১৬ চনত ৮৬,৯৩৫ টা ভোটত জয়ী হৈছিলো । ২০২১ ত এক লাখ এটা ভোটত জয়ী হৈছিলো । সমষ্টি এটাই আৰু মানুহ একেখিনি।

’’তেওঁ আৰু কয়, ‘‘ভোট নিদিয়া মানুহখিনি আমাৰ শত্ৰু নহয় । আমি সকলোকে সেৱা কৰিব লাগিব । মই ২৫ বছৰীয়া অভিজ্ঞতাৰ পৰা কথাখিনি কৈছো । সকলোৰে বাবে কাম কৰিব লাগে । গতিকে যুৱ বিধায়কসকলে এই কথা চিন্তা কৰা উচিত যে আমাক ভোট নিদিয়া মানুহক আমি কেনেকৈ আকৃষ্ট কৰিব পাৰো, কেনেকৈ সেৱা কৰিব পাৰো তাৰ বাবে কাম কৰিব লাগে । তেতিয়া মানুহে কেতিয়াও এগৰাকী নেতাক বেয়া নাপায়।

’’অসমৰ বিকাশৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, ‘‘এইবাৰ ১৬ সংখ্যক বিত্তীয় আয়োগে আমাৰ ডিভ’লোচন ৩.২৫ শতাংশলৈ বৃদ্ধি কৰিলে । ইয়াৰ ফলত অহা বছৰ অসমে কেন্দ্ৰীয় চৰকাৰৰ পৰা ডিভ’লোচন গ্ৰাণ্ট হিচাপে ৫০ হাজাৰ কোটি টকা লাভ কৰিব । অহা বছৰ অসমৰ নিজৰ ৰাজহৰ পৰিমাণ ৩০ হাজাৰ কোটি টকালৈ বৃদ্ধি হ’ব । ২০৩০ চনৰ ভিতৰত অসমৰ অৰ্থনীতি ১০ লাখ কোটি টকাৰ হোৱাৰ কথা আছিল । অহা বছৰ আমি ৮.৭১ হাজাৰ কোটি টকাৰ অৰ্থনীতি হ’ম । ২০২৭-২৮ ত অসম অৰ্থনীতি ১০ লাখ কোটি টকাৰ হ’ব । দুবছৰ পূৰ্বে হ’ব । পাঁচ বছৰত অসমৰ অৰ্থনৈতিক বিকাশৰ হাৰ হৈছে ৪৫ শতাংশ । অৰ্থনৈতিক ক্ষেত্রত অসম দেশৰ ভিতৰত দ্ৰুত উন্নয়নমুখী ৰাজ্য । অহা পাঁচ বছৰত অসমে জনমূৰি আয়ৰ ক্ষেত্রত পশ্চিম বংগক পিছ পেলাব সক্ষম হ’ম।

’’শক্তিখণ্ডৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, ‘‘অহা দহ দিনৰ ভিতৰত কপিলী হাইড্ৰ’পাৱাৰ প্ৰকল্প মুকলি কৰিম । আমাৰ নিজৰ ডেৰশ মেগাৱাট পাৱাৰ উৎপাদন হ’ব । প্ৰায় দুই-আঢ়ৈ হাজাৰ কোটি টকাৰ প্ৰকল্প আছিল । নতুনকৈ কেইবাটাও সৌৰশক্তি প্ৰকল্পৰ লগতে কাৰ্বি লাংপিত ২৫ মেগাৱাটৰ হাইড্ৰ’ পাৱাৰৰ কাম আমি আৰম্ভ কৰিছো । অসমত সৌৰশক্তিকে ধৰি ২০৩২ চনৰ ভিতৰত আমি পাৱাৰৰ ক্ষেত্রত চাৰ্প্লাছ হ’বলৈ গৈ আছো।

’’প্ৰতিশ্ৰুতি পূৰণৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, ‘‘পাঁচ বছৰত আমাৰ চৰকাৰে ১ লাখ ৫৯ হাজাৰ চৰকাৰী চাকৰি দিলে । নিৰ্বাচনৰ আগলৈকে শিক্ষা বিভাগে ভালদৰে কাম কৰিব পাৰিলে আমি আৰু ৫ হাজাৰ নিযুক্তি দিব পাৰিম । এইটো এটা সৰ্বকালৰ ৰেকৰ্ড । আনহাতে নিযুক্তিক কেন্দ্ৰ কৰি ন্যায়ালয়ত এটাও গোচৰ নাই । অহাবাৰ চৰকাৰ আহিলেই প্ৰথম তিনি বছৰত কেৱল শিক্ষা বিভাগতে ৫৫ হাজাৰ চাকৰি দিয়া হ’ব।

কংগ্ৰেছ দলৰ ৱাকআউট সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, ‘‘কংগ্ৰেছে আজি ৱাকআউট কৰিছে । ৱাকআউটৰ কাৰণ হৈছে প্ৰিয়ংকা গান্ধী আহিছে । তেওঁলোক তাত থাকিব লাগে । যাৰ বাবে সদনৰ পৰা ওলাই গৈছে । আমি জানো আজি প্ৰিয়ংকা গান্ধীয়ে বিধায়কসকলৰ লগত মিটিং কৰিব । কিন্তু সদনত দেশৰ কাৰণে ৱাকআউট কৰা বুলি দেখুৱালে । কিন্তু অলপ পাছতে তেওঁলোকে প্ৰিয়ংকা গান্ধীৰ মিটিঙত বহি থাকিব । এতিয়া ৰাইজ সচেতন হৈছে । আমি কি কৰো, কি নকৰো সেয়া সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰে । মানুহক ঠগাব বিচাৰিলে মানুহে বেয়া পায় । সভা স্থগিতৰ প্ৰস্তাৱ লোকসেৱা আয়োগৰ পৰীক্ষা তথা এ ডি আৰ ইৰ পৰীক্ষাৰ বিৰুদ্ধে নাই । আমি নিকাভাৱে পৰীক্ষা অনুষ্ঠিত কৰিছো । আমি এতিয়া বদলিৰ ক্ষেত্রত স্বচ্ছতা আনিব বিচাৰিছো।

’’শ্ৰদ্ধাঞ্জলি আঁচনি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘বহিঃৰাজ্যত মৃত্যুমুখত পৰা ১৬২ জন অসমীয়াৰ মৃতদেহ ঘূৰাই অনা হ’ল এই আঁচনিৰ যোগেদি । অক্টোবৰ মাহত আৰম্ভ হৈছিল এই আঁচনি । প্ৰশ্ন হয় যে অসমৰ ল’ৰা-ছোৱালীয়ে বাহিৰলৈ কিয় যায় । ক’ত ক‍াম কৰে । অসমৰ বাহিৰত হৈ বিভিন্ন কোম্পানীত কাম কৰি আছে । অসমত যদি অহা ২০ বছৰত ২০ লাখ কোটি টকা বিনিয়োগ আনিব পাৰিলে বহিঃৰাজ্যত কৰ্মৰত অসমৰ যুৱক-যুৱতীসকল ঘূৰি আহিব । অহা আমাৰ চৰকাৰে সংবেদনশীলতাৰ ওপৰত কাম কৰি আহিছে । ২৮ ফেব্ৰুৱাৰীত জাপানৰ ২০ টা কোম্পানী জাগীৰোডলৈ আহিব । কিদৰে উদ্যোগিক পাৰ্ক কৰিব পাৰি তাৰ অধ্যয়ন চলোৱা হৈছে । মুখ্যমন্ত্রীৰ আত্মনিৰ্ভৰ অসমত আমি যোৱাবাৰ ২৫ হাজাৰ ল’ৰা-ছোৱালীক এক লাখ আৰু আঢ়ৈ লাখ টকা দিছিলো । তাৰে মাত্র তিনি হাজাৰে টকাৰ অপব্যৱহাৰ কৰিছে । অহা বছৰ আমি চেষ্টা কৰিম যাতে ১০ লাখ ল’ৰা-ছোৱালীক এই পুঁজি দিব পাৰো।

’’মুখ্যমন্ত্রীয়ে কয়, ‘‘এই পাঁচ বছৰ আছিল ৰূপান্তৰৰ যাত্রা । আগৰ বানপানীৰ তুলনাত আজি সাগৰ সদৃশ পৰিৱৰ্তন হৈছে । অসমত মথাউৰিৰ ওপৰত ৰাস্তা হোৱাতো কোনেও কল্পনা কৰিব পৰা নাছিল । অসমৰ জলসম্পদ বিভাগে সেয়া কৰি দেখুৱাইছে । মথাউৰিৰ ওপৰত পকী ৰাস্তা হৈছে । শিক্ষা ব্যৱস্থাৰ আমোল পৰিৱৰ্তন হৈছে । অভুতপূৰ্ব কাম হৈছে শিক্ষাখণ্ডত । স্বাস্থ্যখণ্ডত বহুত কাম হৈছে । প্ৰসূতিৰ মৃত্যুৰ হাৰ বৰ্তমান প্ৰতি এক লাখত ৪৮০ ৰ পৰা ১১০ লৈ নামিছে । ১৭ খন কৰ্কট হাস্পতাল হৈছে । পাঁচ বছৰত ৰাজ্যখনৰ বাবে কাম কৰিছো । আমি জাতিটোৰ পৰিচয়ৰ হকে কাম কৰিছো । চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যৰ স্বীকৃতি পালে । বাগৰুম্বা নৃত্যৰ ভিউআৰ্ছে চাইনিজ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানক চেৰ পেলাবলৈ সক্ষম হৈছে । আজি আমি নতুন অসমৰ বুনিয়াদ নিৰ্মাণ কৰিছো।

’’মুখ্যমন্ত্রীয়ে অসমৰ বিকাশৰ খতিয়ান দাঙি ধৰি কয়, ‘‘এইখন চৰকাৰৰ দিনত তিনি লাখ অসমীয়া মানুহে মাটিৰ পট্টা লাভ কৰিলে । চাহ শ্ৰমিকক আমি মাটিৰ পট্টা দিম । এক মাৰ্চত আমি চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ বাবেও কাম কৰিম । এই সপ্তাহত আমি গুৱাহাটীৰ পাহাৰতো মাটি দিয়াৰ কাম আৰম্ভ কৰিম । প্ৰথমবাৰৰ বাবে ১০ মাৰ্চৰ পূৰ্বে গুৱাহাটীৰ পাহাৰতো মাটিৰ পট্টা দিয়াৰ কাম আৰম্ভ কৰিম । এডভাণ্টেজ অসমত ৫.১৮ লাখ কোটি টকাৰ বিনিয়োগৰ এম অ’ ইউ কৰা হৈছিল । আজিলৈকে আমি ২,৮১,৬২১ কোটি টকাৰ বিনিয়োগ ধৰালৈ আনিবলৈ সক্ষম হৈছো । ইয়াৰ ফলত এক লাখ যুৱক-যুৱতীয়ে চাকৰি পাব । দেশত নতুনকৈ অহা তিনিখন আইন ৰূপায়নৰ ক্ষেত্রত অসম দেশৰ ভিতৰত প্ৰথম স্থানত আছে । ৰাজ্যপালে আমাৰ প্ৰতিটো বিভাগৰ গৌৰৱগাঁথা তেখেতৰ ভাষণত উল্লেখ কৰিছে।

’’মুখ্যমন্ত্রীয়ে কয়, ‘‘আমাৰ প্ৰদৰ্শনৰ বাবে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্রী চন্দ্ৰবাবু নাইডুৱে অসমৰ মুখ্য সচিবক কেবিনেট মৰ্যাদাৰে আমন্ত্রণ কৰিছে যে তেওঁ অন্ধ্ৰপ্ৰদেশত গৈ কাম কৰিব লাগে । ২০১৬ চনৰ পৰা ২০২৬ চনলৈ হিচাপ কৰিলে অসম দেশৰ ভিতৰতে অৰ্থনীতি আৰু প্ৰশাসনৰ এখন উজ্বল ৰাজ্য । কংগ্ৰেছৰ লিগেছিৰ বাবে আমাক এতিয়াও সমালোচনা কৰে । কংগ্ৰেছে অসমৰ ৩০ লাখ বিঘা বনভূমি বেদখলৰ বাবে এৰি দিছিল । আজি আমি বনভূমিত কাম কৰিছো । অচিনাকী লোকক উচ্ছেদ কৰি আমি ডেৰ লাখ বিঘা ভূমি মুক্ত কৰিছো । পাঁচটা বছৰ আছিল ৰূপান্তৰৰ বছৰ । ‍আমি যি পৃষ্ঠভূমি কৰিলো আৰু পিছলৈ ঘূৰি চাব নালাগে।

Leave a Reply

Your email address will not be published. Required fields are marked *