নাজিৰা সম্প্ৰতি শাসকীয় দলটোৱে যি অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিছে, সেয়া গণতন্ত্ৰৰ বাবে এক অশনি সংকেত। আজান ফকীৰ চাহাবৰ পবিত্ৰ ভূমি নাজিৰাত হিন্দু-মুছলমানৰ সাতামপুৰুষীয়া ঐক্য আৰু সম্প্ৰীতিৰ এক সুন্দৰ নিদৰ্শন আছে। আমাৰ ইয়াত শৰ্মা, বৰুৱা, শইকীয়া, হাজৰিকা উপাধিৰ ইছলাম ধৰ্মৰ লোকসকলে অসমীয়া সংস্কৃতিৰ লগত একাত্ম হৈ বসবাস কৰি আহিছে। দুৰ্গা পূজাত এইসকল লোকেই আগভাগ লয়, প্ৰসাদ-ভোগ আগবঢ়ায়।

কিন্তু দুৰ্ভাগ্যজনকভাৱে, বিজেপি চৰকাৰে ক্ষমতা দখলৰ স্বাৰ্থত এই সাতামপুৰুষীয়া সম্প্ৰীতিত ফাট মেলিবলৈ আৰু খিলঞ্জীয়াৰ অধিকাৰ খৰ্ব কৰিবলৈ এক গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে।

ভোট চুৰিৰ ভয়ংকৰ পৰিকল্পনা:
বিজেপিৰ একাংশ নেতা-কৰ্মীয়ে পৰিকল্পিতভাৱে নাজিৰা সমষ্টিৰ পৰা সন্দেহজনক ভোটাৰৰ নামত প্ৰকৃত খিলঞ্জীয়া অসমীয়া ইছলাম ধৰ্মী লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিবলৈ বিচাৰিছে। এই কাৰ্যৰ বাবে তেওঁলোকে বি.এল.অ’ (BLO) সকলক ভাবুকি প্ৰদান কৰিছে আৰু নিজেই বেআইনীভাৱে অনলাইন যোগে নাম কৰ্তনৰ আবেদন জনাইছে। ১০,০০০ ভোটাৰৰ অংক পূৰ্বতে সতৰ্ক কৰিছিল । বিজেপিয়ে প্ৰতিটো সমষ্টিত ১০,০০০ খিলঞ্জীয়া অসমীয়া ভোটাৰৰ নাম কাটি তাৰ ঠাইত ১০,০০০ অসমীয়া নজনা, অনা-অসমীয়া লোকৰ নাম অন্তৰ্ভুক্ত কৰাৰ এক ভয়ংকৰ ‘প্ৰজেক্ট’ হাতত লৈছে। নাজিৰাতো সেই একেই প্ৰক্ৰিয়া আৰম্ভ হৈছে। ই কেৱল ভোট বেংকৰ ৰাজনীতি নহয়, ই অসমীয়া জাতিৰ অস্তিত্বৰ ওপৰত কৰা পোনপটীয়া আক্ৰমণ।

শাসকীয় দলৰ নেতাসকলে ৰাইজক কুকুৰা, গাহৰি, টকা-পইচাৰ প্ৰলোভনেৰে নিৰ্বাচন জিকিব নোৱাৰি এতিয়া এনেধৰণৰ অগণতান্ত্ৰিক পন্থা অৱলম্বন কৰিছে। মই প্ৰশাসনক স্পষ্ট ভাষাৰে সকীয়াই দিছোঁ— যিসকল বিজেপি নেতাই এনে দুষ্কাৰ্যত লিপ্ত হৈছে, তেওঁলোকক অবিলম্বে গ্ৰেপ্তাৰ কৰক। অন্যথা ৰাইজ লগত লৈ আমি এই ষড়যন্ত্ৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিৰোধ গঢ়ি তোলাৰ হুংকাৰ ।

Leave a Reply

Your email address will not be published. Required fields are marked *