ৰাজ্যত ৰাজনীতিত এই মূৰ্হুতৰ ডাঙৰ খবৰটো হল অসম কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰা যোগদান কৰিব বিজেপিত আৰু ৰঙানদীৰ বিজেপি প্ৰাৰ্থী হব । ৰাজনৈতিক সমীকৰণ ইতিমধ্যে মিলিছে বিজেপি আৰু ভূপেন বৰাৰ মাজত । ‘NewsCode’ EXCLUSIVE REPORT বিজেপিৰ আভ্যন্তৰীণ ছাৰ্ভে মতে উত্তৰ অসমৰ লখিমপুৰ জিলাৰ প্ৰতিটো আসনত বিজেপি পিছ পৰি আছে কাৰণ লখিমপুৰ জিলাত আজিও কংগ্ৰেছৰ এক শক্তিশালী ভোট বেংক আছে আৰু সমষ্টি পুনঃনিৰ্ধাৰণ কৰাৰ পিছতো বিজেপিয়ে লখিমপুৰ,নাওবৈছা ৰঙানদী,বিহপুৰীয়া এই চাৰিটা সমষ্টিত পিছোৱাই আছে । লখিমপুৰ জিলাত বিজেপি বিধায়ক থকা ২ সমষ্টিত প্ৰচণ্ড প্ৰতিষ্ঠান বিৰোধী ঢৌৰ তথ্য লাভ কৰিছে ছাৰ্ভেত আৰু ইয়াৰ মূল প্ৰভাব পৰিছে কাষৰ ২ সমষ্টি ক্ৰমে ৰঙানদী আৰু বিহপুৰীয়াত । বিজেপিয়ে এই তথ্য লাভ কৰাৰ লগে লগে ভূপেন বৰাক মুখ্যমন্ত্ৰীয়ে টিকটৰ অফাৰ কৰে আৰু ৮০ % ভূপেন বৰা নিজৰ মত ৰাখিছে । উক্ত কথা আলোচনাত মধ্যস্ততাকাৰীৰ ভূমিকা লৈছে ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকে। উক্ত সাংবাদিকজনৰ মোবাইল ফোনৰ কণফাৰেন্সৰ জৰিয়তে ৰাজ্যৰ মুৰব্বীৰ লগত ভূপেন বৰা আলাপ আলোচনা চলাই আহিছে।সকলো ঠিকে থাকিলে ফেব্ৰুৱাৰীৰ শেষৰ ভাগত ভূপেন বৰা বিজেপিত যোগদান কৰিব আৰু ৰঙানদীৰ প্ৰাৰ্থী হোৱাটো একপ্ৰকাৰ নিশ্চিত। বিজেপিৰ ৰঙানদী সমষ্টিৰ টিকটৰ দাবীদাৰ ঋষিৰাজ হাজৰিকা, গোবিন শইকীয়া , গহীন বৰা লগতে সকলো প্ৰাৰ্থীৰ আশাত চেঁচাপানী ঢালিব ভূপেন বৰা ।কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বই ইতিমধ্যে ধৰিব পৰিছে ভূপেন বৰাৰ গতিবিধি। সভাপতি গৌৰৱ গগৈ,LOP দেৱব্ৰত শইকীয়াই বিশেষভাবে ভূপেন বৰাৰ এই কেইটাদিনৰ গতিবিধি ধৰিব পৰিছে। আনকি গৌৰৱ গগৈ নিজৰ ঘনিষ্ঠ নেতাক কবলৈ বাধ্য হৈছে ‘কাক লৈ কংগ্ৰেছ কৰিম’ যোৱাকালিৰ দিনটোত ভূপেন বৰা আৰু গৌৰৱ গগৈৰ মাজত সংঘাত হয় । মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ৰাজহুৱা কৰিছেই সংবাদ মাধ্যমৰ আগত । ভূপেন বৰাক বিজেপিয়ে যোগদান কৰোৱাই উত্তৰ অসম বিজেপিয়ে পুনৰ শক্তিশালী ভাবে প্ৰতিদ্বন্দিতা কৰিব খুজিছে গেৰুৱা দলটোৱে । নির্বাচনী বতৰত এয়া হব কংগ্ৰেছ দলটোৰ বাবে আন এক মোক্ষম আঘাত ।

Leave a Reply

Your email address will not be published. Required fields are marked *