আজি গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ)ৰ বাৰ্ষিক পেৰেডত মুখ্য অতিথিৰূপে উপস্থিত থাকিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ৷

এই কথা প্ৰকাশ কৰিছে চি আৰ পি এফৰ সঞ্চালক প্ৰধান জি পি সিঙে ৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকিব সেই অনুষ্ঠানত ৷

এই পেৰেডৰ সময়ত চি আৰ পি এফৰ মাৰ্চিং কণ্টিজেণ্ট আৰু লগতে চি আৰ পি এফৰ বিশেষ ইউনিট যেনে কোব্ৰা কমাণ্ডো বেটেলিয়নৰ কাৰ্যপ্ৰণালীও প্ৰদৰ্শন কৰা হ’ব ৷ চি আৰ পি এফৰ বিশেষ বাহন আৰু বিশেষ সঁজুলি, অস্ত্ৰ আৰু যোগাযোগ সঁজুলিৰ প্ৰদৰ্শনীও থাকিব, যিবোৰ চি আৰ পি এফে নিজে কামৰ সময়ত ব্যৱহাৰ কৰে ৷” এই অনুষ্ঠানত বাহিনীটোৰ কাৰ্যকৰী সামৰ্থ্য আৰু আধুনিক সঁজুলিৰ প্ৰদৰ্শন দেখা যাব বুলি আশা কৰা হৈছে।

উল্লেখ্য যে বৃহস্পতিবাৰে নিশাই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী অসমলৈ অহাৰ কথা আছিল যদিও শেষ মুহূৰ্তত সেয়া পিছুওৱা হয় ৷ আজি পুৱাহে তেওঁ আহি শিলচৰত উপস্থিত হ’ব ৷ আজি তেওঁ কাছাৰ জিলাৰ নাথানপুৰ গাঁৱত দ্বিতীয় পৰ্যায়ৰ ভাইব্ৰেণ্ট ভিলেজছ প্ৰগ্ৰেম (ভি ভি পি-II)আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব । ই ১৫ খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ সীমান্তৱৰ্তী গাঁওসমূহক সামৰি ল’ব৷

আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কাষত অৱস্থিত গাঁওসমূহৰ উন্নয়ন নিশ্চিত কৰাৰ লক্ষ্যৰে ভি ভি পি-IIক এক ব্যাপক পদক্ষেপ হিচাপে ধাৰণা কৰা হৈছে । ৬,৮৩৯ কোটি টকাৰ বিত্তীয় ব্যয়ৰে কেন্দ্ৰীয় খণ্ডৰ আঁচনি হিচাপে ভি ভি পি-II ৰূপায়ণ কৰা হ’ব । সেই কাৰ্যসূচীৰ পাছতে তেওঁ গুৱাহাটীলৈ আহিব আৰু চি আৰ পি এফৰ কাৰ্যসূচীত ভাগ ল’ব ৷

Leave a Reply

Your email address will not be published. Required fields are marked *