নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি জিতেন্দ্ৰ সিং এইবাৰ ৰোষত পৰিছে কংগ্ৰেছ হাইকমাণ্ডৰ।অসম কংগ্ৰেছৰ পৰ্যবেক্ষকৰ দায়িত্ব লাভ কৰি পৌৰসভাৰ নিৰ্বাচনৰ পৰা বিধানসভাৰ নিৰ্বিচানলৈকে সৰ্বমুঠ ৩০ খন নিৰ্বাচনত পৰাজয় কৰিছে অসম কংগ্ৰেছে। জিতেন্দ্ৰ সিঙে এই সকলোবোৰ প্ৰশ্নৰ উত্তৰৰ সন্মুখীন হৈছিল ৰাহুল গান্ধীৰ সন্মুখত । ৰাহুল গান্ধীয়ে নতুন দিল্লীৰ ইন্দিৰা ভৱনত অসমৰ নিৰ্বাচনকলৈ অনুষ্ঠিত কৰা এক বৈঠকত জিতেন্দ্ৰ সিঙৰ কাৰ্যপন্থাক লৈ তীব্ৰ সমালোচনা কৰিছিল। আনকি কথা ইমান পৰ্যায় লৈকে গৈছিল কোন কোন নেতা নিৰ্বাচনৰ নামত ধন সংগ্ৰহ কৰিছে মোৰ হাতত তথ্য আছে বুলি কবলৈ বাধ্য হৈছিল ৰাহুল । এই কথা শুনি শংকিত হৈ পৰিছিল জিতেন্দ্ৰ সিং কাৰণ ইতিমধ্যে কংগ্ৰেছৰ এটা শক্তিশালী চক্ৰৰ জৰিয়তে কোটি কোটি ধন সংগ্ৰহ কৰিছে। লোকসভা নিৰ্বাচনৰ সময়ৰ পৰা বিশেষকৈ নামনি অসমত ব্যাপক ধনৰ লেনদেন তথ্য লাভ কৰিছে কংগ্ৰেছ হাইকমাণ্ডে। টিকট প্ৰত্যাশীৰ পৰা ধন সংগ্ৰহকলৈ গৌৰৱ গগৈ , দেৱব্ৰত শইকীয়াক আক্ৰমণৰ লক্ষ্য কৰি লয় জিতেন্দ্ৰ সিংক। বিগত ১০ দিন ধৰি অসম কংগ্ৰেছৰ এই ২ গৰাকী শীৰ্ষ নেতাৰ লগত জিতেন্দ্ৰ সিঙৰ সম্পৰ্ক অৱনমিত হোৱাই নহয় কথা বতৰা পৰ্যন্ত বন্ধ হৈ পৰিছে । কংগ্ৰেছৰ কোনো প্ৰাৰ্থীৰ পৰা যেন ধন সংগ্ৰহ কৰা নহয় এই স্পষ্ট বাৰ্তা ৰাহুল গান্ধীয়ে গৌৰৱ গগৈৰ জৰিয়তে প্ৰেৰণ কৰিছে । ৰাহুল গান্ধীয়ে ইয়াৰ বাবে প্ৰিয়ংকা গান্ধী, ডি কে শিৱকুমাৰ, ভূপেশ বাঘেলৰ দৰে নেতাক অসম কংগ্ৰেছ উদ্ধাৰৰ বাবে দায়িত্ব প্ৰদান কৰে আৰু লগে লগে গুৰুত্বহীন হৈ পৰে জিতেন্দ্ৰ সিং। কংগ্ৰেছৰ টিকট বিতৰণত সম্পূৰ্ন কৰ্তৃত্ব গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়াৰ হাতত অৰ্পণ কৰিছে হাইকমাণ্ডে। কংগ্ৰেছৰ এই ২ নেতাৰ ওপৰতে নিৰ্ভৰ নিৰ্ভৰশীল হাইকমাণ্ড।

Leave a Reply

Your email address will not be published. Required fields are marked *