তিনিজনীয়া বিচাৰপীঠে বিভিন্ন ৰাজ্য চৰকাৰে প্ৰণয়ন কৰা ধৰ্মান্তৰকৰণ বিৰোধী আইনৰ বৈধতাক প্ৰত্যাহ্বান জনাই আবেদনৰ শুনানি গ্ৰহণ কৰিব বুলি সোমবাৰে উচ্চতম ন্যায়ালয়ে জানিবলৈ দিয়ে। ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠে নেশ্যনেল কাউন্সিল অৱ চাৰ্চ(এন চি চি আই)ৰ ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ সন্দৰ্ভত কেন্দ্ৰৰ লগতে ৰাজস্থান আৰু অৰুণাচল প্ৰদেশকে ধৰি ১২ খন ৰাজ্যৰ সঁহাৰি বিচাৰিছে । এই ৰাজ্যসমূহৰ ধৰ্মান্তৰকৰণ বিৰোধী আইনসমূহৰ বৈধতাক প্ৰত্যাহ্বান জনাইছে এন চি চি আইয়ে । জ্যেষ্ঠ অধিবক্তা মীনাক্ষী অৰোৰাক প্ৰতিনিধিত্ব কৰা এন চি চি আইয়েও এই ৰাজ্যিক আইনসমূহৰ পৰিচালনাৰ সন্দৰ্ভত স্থগিতাদেশ বিচাৰিছে ।
বিচাৰপীঠৰ অন্যতম সদস্য ন্যায়াধীশ জয়মল্য বাগচীয়ে নতুন আবেদনসমূহ বিচাৰধীন আবেদনসমূহৰ সৈতে সংযোজন কৰিবলৈ নিৰ্দেশ দি তিনিজনীয়া বিচাৰপীঠে এই সকলোবোৰ আবেদনৰ একেলগে শুনানি গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ৷
শুনানিৰ সময়ত বিচাৰপীঠে এন চি চিৰ যুক্তিৰ প্ৰতি লক্ষ্য ৰাখি চাৰি সপ্তাহৰ ভিতৰত কেন্দ্ৰ আৰু ১২ খন ৰাজ্য চৰকাৰৰ পৰা সঁহাৰি বিচাৰিছিল ।
কেন্দ্ৰীয় চৰকাৰক প্ৰতিনিধিত্ব কৰি ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই যুক্তি আগবঢ়াই যে ৰাজ্যিক আইনক প্ৰত্যাহ্বান জনোৱা অনুৰূপ আবেদন বিচাৰাধীন হৈ আছে । মেহতাই কয়, ‘‘আমাৰ উত্তৰ সাজু হৈছে আৰু অতি সোনকালে দাখিল কৰা হ’ব ।’’
অৰোৰাই কয় যে ওড়িশা আৰু ৰাজস্থানেও নিজাকৈ আইন প্ৰণয়ন কৰিছে আৰু পূৰ্বৰ আবেদনসমূহত তেওঁলোকক প্ৰত্যাহ্বান জনোৱা হোৱা নাছিল । তেওঁ কয়, ‘‘অন্য আইনসমূহৰ সংশোধনীও আছে, যিবোৰক প্ৰত্যাহ্বান জনোৱা হোৱা নাই । মই সকলো স্থায়ী অধিবক্তালৈ জাননী প্ৰেৰণ কৰিম ।’’
‘‘জাননী জাৰি কৰক । প্ৰতিখন জাননীৰ প্ৰতিলিপি ৰাজ্যৰ এডভোকেট জেনেৰেললৈও প্ৰেৰণ কৰিব লাগে । চাৰি সপ্তাহৰ ভিতৰত কেন্দ্ৰ আৰু ১২ খন ৰাজ্যই উত্তৰ হিচাপে আন এক শপতনামা দাখিল কৰিব লাগে । প্ৰতিবাদকাৰীসকলে যৌথ প্ৰতিবাদী শপতনামা দাখিল কৰিব লাগে । বিষয়টোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক তিনিজনীয়া বিচাৰপীঠৰ সন্মুখত ৰখা উচিত’’ – বিচাৰপীঠে এইদৰে নিৰ্দেশ দি কয় ।
খ্ৰীষ্টান সংগঠনটোৰ অধিবক্তাগৰাকীয়ে কয় যে ৰাজ্যৰ একাংশ আইনে তথাকথিত ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে ভিজিলেণ্ট গোটক অভিযোগ কৰিবলৈ উৎসাহিত কৰে আৰু সেইবাবেই ইমানবোৰ অভিযোগ দাখিল কৰা হৈছে । এই যুক্তিসমূহৰ বিৰোধিতা কৰি ন্যায়াধীশে কয় যে এই আইনসমূহ উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠৰ সিদ্ধান্তৰ পৰিসৰৰ ভিতৰত পৰে ।
কেন্দ্ৰৰ উপৰিও বিচাৰপীঠে ৰাজস্থান, উত্তৰ প্ৰদেশ, ওড়িশা, ছত্তীশগড়, অৰুণাচল প্ৰদেশ, গুজৰাট, ঝাৰখণ্ড, উত্তৰাখণ্ড, হাৰিয়ানা, মধ্যপ্ৰদেশ, কৰ্ণাটক আৰু হিমাচল প্ৰদেশলৈও জাননী জাৰি কৰে ।২০২৫ চনৰ ১৬ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ে ধৰ্মান্তৰকৰণ বিৰোধী আইনসমূহৰ ওপৰত স্থগিতাদেশৰ বাবে আন বিচাৰাধীন আবেদনৰ ক্ষেত্ৰত কেইবাখনো ৰাজ্যৰ স্থিতি স্পষ্ট হোৱাটো বিচাৰিছিল । বিচাৰপীঠে স্পষ্ট কৰি দিছিল যে উত্তৰ লাভৰ পিছতহে এনে আইনৰ পৰিচালনাত স্থগিতাদেশ বিচৰা আবেদনখন বিবেচনা কৰিব ।
কেইবাখনো ৰাজ্যই গৃহীত ধৰ্মান্তৰকৰণ বিৰোধী আইনসমূহৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই আবেদনৰ শুনানি গ্ৰহণ কৰি আছিল আদালতে । বিষয়টোত যোগাযোগৰ সুবিধাৰ বাবে আদালতে আবেদনকাৰীৰ হৈ অধিবক্তা সৃষ্টি আৰু প্ৰতিবাদী ৰাজ্যসমূহৰ হৈ অধিবক্তা ৰুচিৰাক ন’ডেল অধিবক্তা হিচাপে নিযুক্তি দিছিল ৷
ইয়াৰ পূৰ্বে কেন্দ্ৰই আন্তঃধৰ্মীয় বিবাহৰ ফলত হোৱা ধৰ্মান্তৰকৰণ নিয়ন্ত্ৰণ কৰা বিতৰ্কিত ৰাজ্যিক আইনৰ বিৰুদ্ধে তৎপৰতা অবলম্বন কৰা কৰ্মী তীস্তা চেটালভাদৰ বেচৰকাৰী সংস্থা ‘চিটিজেনছ ফৰ জাষ্টিচ এণ্ড পীচ’ৰ আইনী বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল । বেচৰকাৰী সংস্থাটোৱে নিৰ্বাচিত কেইগৰাকীমান ৰাজনৈতিক নেতাৰ স্বাৰ্থৰ খাতিৰত নিজৰ নাম ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়ে বুলি অভিযোগ উত্থাপন হৈছিল ৷ ভাৰত চৰকাৰে দাবী কৰিছে যে এই সংগঠনটো দাঙাৰ ক্ষতিগ্ৰস্ত লোকৰ দুখ-কষ্টৰ সুযোগ বুজি শোষণ কৰি অধিক পৰিমাণে ধন সংগ্ৰহ কৰাৰ ক্ষেত্ৰত দোষী ।
গৃহ মন্ত্ৰালয়ে কৈছিল, ‘‘ধাৰাবাহিক ন্যায়িক কাৰ্যবিধিৰ জৰিয়তে প্ৰতিষ্ঠা কৰা হৈছে যে আবেদনকাৰীয়ে একাংশ নিৰ্বাচিত ৰাজনৈতিক স্বাৰ্থৰ নিৰ্দেশত তেওঁৰ দুজন বিষয়ববীয়াৰ জৰিয়তে নিজৰ নাম ব্যৱহাৰ কৰাৰ অনুমতি দিয়ে আৰু এনে কাৰ্যকলাপৰ পৰাও লাভৱান হয় ।’’
উচ্চতম ন্যায়ালয়ে ২০২১ চনৰ ৬ জানুৱাৰীত উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ দৰে ৰাজ্যৰ কিছুমান নতুন আৰু বিতৰ্কিত আইন পৰীক্ষা কৰিবলৈ সন্মত হয়, যিবোৰে আন্তঃধৰ্মীয় বিবাহৰ বাবে ধৰ্মান্তৰকৰণ নিয়ন্ত্ৰণ কৰে । উত্তৰ প্ৰদেশৰ আইনখনে কেৱল আন্তঃধৰ্মীয় বিবাহৰ কথাই নহয়, সকলো ধৰণৰ ধৰ্মান্তৰকৰণৰ ক্ষেত্ৰতো প্ৰযোজ্য আৰু অন্য ধৰ্মলৈ ধৰ্মান্তৰিত হ’ব বিচৰা ব্যক্তিৰ বাবে বিশদ পদ্ধতি নিৰ্ধাৰণ কৰে ।
উত্তৰাখণ্ডৰ আইন অনুসৰি বলপূৰ্বক বা প্ৰৰোচনাৰে ধৰ্মান্তৰকৰণৰ দোষী সাব্যস্ত হোৱা লোকসকলক দুবছৰ পৰ্যন্ত কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয় । প্ৰৰোচনা নগদ ধন, নিয়োগ বা বস্তুগত সুবিধা আদিৰ ৰূপতো হ’ব পাৰে ।বেচৰকাৰী সংস্থাটোৱে দাখিল কৰা আবেদনখনত অভিযোগ কৰা হৈছে যে এই আইনসমূহে সংবিধানৰ ২১ আৰু ২৫ নং অনুচ্ছেদ উলংঘা কৰিছে ৷0 কাৰণ ইয়াৰ দ্বাৰা ৰাষ্ট্ৰক কোনো ব্যক্তিৰ ব্যক্তিগত স্বাধীনতা আৰু নিজৰ পছন্দৰ ধৰ্ম পালনৰ স্বাধীনতা দমন কৰাৰ অধিকাৰ প্ৰদান কৰা হৈছে ।
