জেফৰী এপষ্টিনৰ ৩ নিযুত গোপন নথি ফাদিল: মিৰা নাইৰৰ নাম কিয় চৰ্চাত? জানক আচল সত্য
আমেৰিকাৰ ন্যায় বিভাগে (Department of Justice) শেহতীয়াকৈ কুখ্যাত অপৰাধী জেফৰী এপষ্টিনৰ গোচৰৰ সৈতে জড়িত প্ৰায় ৩ নিযুত পৃষ্ঠাৰ গোপন নথিপত্ৰ ৰাজহুৱা কৰিছে। এই ‘ডাটা ডাম্প’ (Data Dump)-এ সমগ্ৰ বিশ্বতে খলকনিৰ সৃষ্টি কৰিছে। কিন্তু ভাৰতত এই ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা মিৰা নাইৰৰ (Mira Nair) নাম এই নথিপত্ৰত উল্লেখ থকা বুলি ওলোৱা খবৰৰ বাবে।
NEWS CODE-ৰ তৰফৰ পৰা আমি এই সমগ্ৰ ঘটনাৰ সত্যতা আপোনালোকৰ বাবে লৈ আনিছোঁ।
১. কি আছে এই নতুন নথিপত্ৰত?
জানুৱাৰী ৩০ তাৰিখে মুকলি কৰা এই নথিপত্ৰবোৰত বহুতো বিখ্যাত ব্যক্তিৰ ইমেইল, ফ্লাইট লগ (Flight Logs) আৰু পুৰণি ফটো পোৱা গৈছে। ইয়াত ইলন মাস্ক (Elon Musk), বিল গেটছ (Bill Gates) আৰু ব্ৰিটেইনৰ প্ৰিন্স এন্ড্ৰুৰ দৰে ব্যক্তিৰ নাম উল্লেখ আছে। মনত ৰাখিবলগীয়া কথা যে, নথিপত্ৰত নাম থকা মানেই তেওঁলোক অপৰাধী নহয়; বহুক্ষেত্ৰত তেওঁলোক কেৱল সামাজিক অনুষ্ঠানতহে এপষ্টিনৰ সান্নিধ্যলৈ আহিছিল।
২. মিৰা নাইৰ আৰু ভাৰতীয় সংযোগ (The Indian Connection)
ছচিয়েল মিডিয়াত এটা খবৰ বিয়পি পৰিছে যে পৰিচালক মিৰা নাইৰৰ নাম এপষ্টিনৰ তালিকাত আছে। আচল সত্যটো কি?
২০০৯ চনৰ এটা ইমেইলত মিৰা নাইৰৰ নাম উল্লেখ কৰা হৈছিল, যিটো চিনেমাৰ এটা ‘আফটাৰ-পাৰ্টী’ৰ (After-party) নিমন্ত্ৰণ আছিল। ইয়াৰ বাহিৰে তেওঁৰ কোনো অপৰাধমূলক কামৰ সৈতে সম্পৰ্ক নাই।
বহুতে মিৰা নাইৰৰ প্ৰাক্তন স্বামী মিট্স এপষ্টিনক (Mitch Epstein) জেফৰী এপষ্টিন বুলি ভুল কৰিছে। মিচ এপষ্টিন আৰু জেফৰী এপষ্টিনৰ কোনো সম্পৰ্ক নাই; তেওঁলোক দুজন সম্পূৰ্ণ বেলেগ ব্যক্তি।
৩. এইবোৰ ভুৱা বাতৰি
বৰ্তমান ইণ্টাৰনেটত AI (কৃত্ৰিম বুদ্ধিমত্তা) ব্যৱহাৰ কৰি বনোৱা কিছুমান ফটো ভাইৰেল হৈছে।
মিৰা নাইৰক এপষ্টিনৰ সৈতে দেখুওৱা ফটোবোৰ সম্পূৰ্ণ ভুৱা (Fake/Deepfake)।
এইবোৰ প্ৰচাৰৰ মূল উদ্দেশ্য হয়টো মিৰা নাইৰৰ পুত্ৰ তথা বৰ্তমানৰ নিউয়ৰ্কৰ মেয়ৰ জোহৰান মামডানীৰ (Zohran Mamdani) ৰাজনৈতিক কেৰিয়াৰত আঘাত কৰাৰ বাবেও হব পাৰে। তেওঁক আক্ৰমণ কৰিবলৈ তেওঁৰ মাতৃৰ ১৫ বছৰ পুৰণি এটা সাধাৰণ ঘটনা ব্যৱহাৰ কৰা হৈছে।
৪. চৰকাৰৰ ডাঙৰ ভুল
এই নথিপত্ৰসমূহ ৰাজহুৱা কৰোঁতে আমেৰিকাৰ চৰকাৰে এটা ডাঙৰ ভুল কৰিছে। বহুতো প্ৰকৃত ভুক্তভোগীৰ নাম লুকুৱাবলৈ (Redact) তেওঁলোক ব্যৰ্থ হ’ল, যাৰ ফলত এতিয়া বহুতো নিৰপৰাধী মহিলাৰ পৰিচয় মুকলি হৈ পৰিছে। ইয়াক লৈ এতিয়া তীব্ৰ সমালোচনা হৈছে।
জেফৰী এপষ্টিনৰ ঘটনাটো অত্যন্ত জটিল। কেবল মিৰা নাইৰেই নহয় আৰু বহুতো লোকৰ নাম সাঙুৰ খাইছে এই ঘটনাৰ সৈতে। ইণ্টাৰনেটত পোৱা যিকোনো ফটো বা বাতৰি সত্য বুলি মানি লোৱাৰ আগতে সেয়া কিমান সচাঁ কিম্বা মিছা সেই কথা ভালদৰে চালিজাৰি চোৱাটো অত্যন্ত জৰুৰী। যিয়ে নহওঁক কিয় জেফৰী এপষ্টিনৰ যি ৩ নিযুত গোপন নথি আমেৰিকাৰ ন্যায় বিভাগে (Department of Justice) ফাদিল কৰিলে সেই ঘটনাই বৰ্তমান জোকাৰি গৈছে সমগ্ৰ বিশ্ব।
