পঞ্চদশ অসম বিধানসভাৰ অন্তিমখন অধিৱেশনৰ আজি অন্তিম দিন ৷ চাৰিদিন ধৰি অনুষ্ঠিত হোৱা অসম বিধানসভাৰ অন্তিমখন বাজেট অধিৱেশনৰ আজি সামৰণি পৰাৰ লগে লগে পঞ্চদশ বিধানসভাৰো অন্ত পৰিব ৷ মূলতঃ আগন্তক চাৰিমাহ অৰ্থাৎ জুলাই মাহ পৰ্যন্ত লেখানুদান দাখিল কৰাৰ বাবেই মাত্ৰ চাৰি দিনৰ বাবে অনুষ্ঠিত হৈছিল এই অধিৱেশন ৷ ইতিমধ্যে বিত্তমন্ত্ৰী অজন্তা নেওগে আগন্তুক চাৰিমাহৰ বাবে সদনত লেখানুদান দাখিল কৰিছে ৷ আগন্তুক বিধানসভা নিৰ্বাচনৰ পাছত অনুষ্ঠিত হ’ব বিধানসভাৰ পূৰ্ণাংগ বাজেট অধিৱেশন ৷ এই অধিৱেশনৰ পিছত ২০২৬-২৭ বৰ্ষৰ পূৰ্ণাংগ বাজেট অধিৱেশনখন অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ পিছত অৰ্থাৎ জুলাই মাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । ষষ্ঠদশ বিধানসভালৈ আগন্তুক সময়ত কোন কোন বৰ্তমানৰ বিধায়ক পুনৰ নিৰ্বাচিত হৈ আহিব সেয়া এতিয়াও অনিশ্চিত ৷ সেয়ে অধিৱেশনৰ অন্তিম দিনটোত আজি আৱেগিক হৈ পৰে প্ৰায় সকলো বিধায়ক ৷
